উপসৰ্গ আৰু অনুসৰ্গ:
1.H.S.L.C.2008
ক) উপসৰ্গ নাইবা অনুসৰ্গৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰ- উপসৰ্গৰ তিনিটা উদাহৰণ :
প্ৰ : প্ৰখ্যাত, প্ৰখৰ
পৰা : পৰাগ, পৰাস্ত
নি : নিকট, নিগম
অনুসৰ্গৰ তিনিটা উদাহৰণ :
তো : আপুনিতো
ও : থাকিলেও
যে : ৰ ‘লাযে
2.H.S.L.C.2009
ক) উপসৰ্গ কাক বোলে? উপসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ দেখুওৱা।
উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ
কৰে, সেইবিলাককে উপসৰ্গ বোলে।
উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।
পৰা : তেওঁক সকলোৱে পৰাস্ত কৰিব নোৱাৰে।
খ) অনুসৰ্গ কাক বোলে? অনুসৰ্গৰ দুটা উদাহৰণ দি, তাৰ ব্যৱহাৰ দেখুওৱা।
উত্তৰ- মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল
শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে। এনেদৰে পদৰ শেষত, বিভক্তিৰ পাছত কথাৰ জোৰ,
আবেদন, মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে।
উদাহৰণ : তো : আপুনিতো জানেই, তেওঁ কোন।
যে : কালৈকো ভয় নকৰো বুলি থমকি ৰ ‘লাযে।
3.H.S.L.C.2010
ক) উপসৰ্গ নাইবা অনুসৰ্গৰ দুটা উদাহৰণ দি, তাৰ
ব্যৱহাৰ দেখুওৱা।
উত্তৰ-
উপসৰ্গৰ উদাহৰণ : প্ৰ : তেখেত এজন প্ৰখ্যাত ব্যক্তি।
পৰা : তেওঁক সকলোৱে পৰাস্ত কৰিব নোৱাৰে।
অনুসৰ্গৰ উদাহৰণ : তো : আপুনিতো জানেই, তেওঁ কোন।
যে : কালৈকো ভয় নকৰো বুলি থমকি ৰ ‘লাযে।
4.H.S.L.C.2011
ক)শব্দৰ আগত উপসৰ্গ বহে নে অনুসৰ্গ বহে ?
উত্তৰ- শব্দৰ আগত উপসৰ্গ বহে।
5.H.S.L.C.2012
ক) ‘প্ৰ ’ নাইবা ‘পৰি ’ উপসৰ্গ যোগ কৰি দুটা শব্দ লিখা।
উত্তৰ- প্ৰ :
প্ৰখ্যাত, প্ৰখৰ
পৰি : পৰিচয়, পৰিধি
খ) অনুসৰ্গ কাক বোলে?
উত্তৰ- মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল
শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে। এনেদৰে পদৰ শেষত, বিভক্তিৰ পাছত কথাৰ জোৰ,
আবেদন, মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে।
6.H.S.L.C.2013
ক) উপসৰ্গ কাক বোলে?
উত্তৰ- যিবোৰ অব্যয়ে ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ
কৰে, সেইবিলাককে উপসৰ্গ বোলে।
খ)
অনুসৰ্গ যোগ কৰি দুটা শব্দ লিখা।
উত্তৰ- তো : আপুনিতো
ও : থাকিলেও
7.H.S.L.C.2014
ক) ‘অপ ‘ উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা।
উত্তৰ- ‘অপ ‘ উপসৰ্গ
যুক্ত হোৱা দুটা শব্দ-
অপকাৰ, অপচয়
খ) ’চোন ’ অনুসৰ্গৰ
প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।
উত্তৰ- তেখেত নাহিল চোন।
8.H.S.L.C.2015
ক) ‘সম্ ‘ উপসৰ্গ যুক্ত হোৱা দুটা শব্দ লিখা।
উত্তৰ- ‘সম্ ‘ উপসৰ্গ
যুক্ত হোৱা দুটা শব্দ-
সমতা, সমদল
খ) ’দেই ’ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।
উত্তৰ- তুমি আজি আহিবাদেই।
9.H.S.L.C.2016
ক) উপসৰ্গ আৰু অনুসৰ্গৰ একোটাকৈ উদাহৰণ দিয়া।
উত্তৰ- উপসৰ্গৰ উদাহৰণ :
প্ৰ : প্ৰখ্যাত, প্ৰখৰ
অনুসৰ্গৰ উদাহৰণ :
তো : আপুনিতো
10.H.S.L.C.2017
ক)
’চোন ’ অনুসৰ্গৰ
প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।
উত্তৰ- তেখেত নাহিল চোন।
11.H.S.L.C.2018
ক) ‘হ ‘বলা ’ অনুসৰ্গ ব্যৱহাৰ কৰি এটি বাক্য লিখা।
উত্তৰ- তেখেত নাহিল হ ‘বলা
12.H.S.L.C.2019
ক) ’হঁক’ অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই এটি বাক্য লিখা।
উত্তৰ- আজিলৈ যাওঁ হঁক ।
13.H.S.L.C.2020
ক) অনুসৰ্গ কাক বোলে? উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুওৱা।
উত্তৰ- মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাৰ জোৰ বুজাবলৈ মূল শব্দটোৰ শেষত একোটা সৰ্গ সংযোগ কৰে। এনেদৰে পদৰ শেষত, বিভক্তিৰ পাছত কথাৰ জোৰ, আবেদন, মনৰ সন্দেহ প্ৰকাশ কৰিবৰ বাবে ব্যৱহাৰ কৰা সৰ্গবিলাককে অনুসৰ্গ বোলে।
উদাহৰণ : তো : আপুনিতো জানেই, তেওঁ কোন।
যে : কালৈকো ভয় নকৰো বুলি থমকি ৰ ‘লাযে।
It's nice
ReplyDelete🤭
DeleteHii sar 👍🤝
DeleteNice
ReplyDelete😄😄
DeleteNice
ReplyDeleteThanks ☺️🤝🖐️
DeleteThanks ☺️🤝🖐️
DeleteNicc
ReplyDeleteOkay
DeleteOkay sar 👍🤗
ReplyDeleteTq
ReplyDeleteSir / Madam 2024 loike diyok please
ReplyDelete