Skip to main content

CLASS 10 : ASSAMESE GRAMMAR : বাক সংহতি: SEBA : H.S.L.C. EXAM QUESTIONS :

বাক সংহতি:

এটা শব্দত প্ৰকাশ কৰা:

1. H.S.L.C.-2011
  () কাঁহৰ বাচন গঢ়োঁতা।
           উত্তৰ:- কঁহাৰ

2. H.S.L.C.-2012
 () যি উপকাৰীৰ উপকাৰ স্বীকাৰ কৰে।
         উত্তৰ:-কৃতজ্ঞ
  () মাটিৰ বাচন সাজোঁতা।
   উত্তৰ:- কুমাৰ
 () যাক সহজে লংঘন কৰিব নোৱাৰি।
   উত্তৰ:- অলংঘ্য
  () বাটেদি যোৱা
   উত্তৰ:- বাটৰুৱা

 3. H.S.L.C.-2013
  () ঘৰতে থাকি কৰিব পৰা উদ্যোগ।
    উত্তৰ:- কুটীৰ শিল্প
  () যাৰ মৰণ নাই।                         
    উত্তৰ:- আমৰণ
   () কাঁহৰ বাচন গঢ়োঁতা।    
    উত্তৰ:- কঁহাৰ

4. H.S.L.C.-2014
  ()   যাক পৰিহাৰ কৰিব নোৱাৰি।      
       উত্তৰ:- অপৰিহাৰ্য
 ()  যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে   
      উত্তৰ:- জিতেন্দ্ৰয়
 ()  যাৰ কোনো শত্ৰু জন্মা নাই।   
  উত্তৰ:- অজাতশত্ৰু
 ()  কঁঠালৰ সৰু কলি।               
  উত্তৰ:- মুচি

5. H.S.L.C.-2015
() পনীয়া গাখীৰ দিয়া গাইগৰু।
    উত্তৰ:- জলাহী
()  যাৰ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস নাই।
   উত্তৰ:- নাস্তিক
() যি কথাৰ অৰ্থ নাই।            
  উত্তৰ:- নিৰৰ্থক
  ()  এবাৰ গুটি লাগি মৰা গছ। 
  উত্তৰ:- ঔষধি

6.H.S.L.C.-2016
 () যি কণীৰ পৰা জন্মে।          
   উত্তৰ:- অণ্ডজ
()  যি আগেয়ে হোৱা নাই।          
    উত্তৰ:- অভূতপূৰ্ব
() একে গুৰুৰ শিষ্য।                
    উত্তৰ:- সতীৰ্থ
  ()  যি উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰে।
    উত্তৰ:- অকৃতজ্ঞ

7. H.S.L.C.-2017
() বিষ্ণুৰ ভকত যি তেওঁ।           
    উত্তৰ:- বৈষ্ণৱ
()  ৰান্ধি খাব পৰা কলৰ পুলি।  
    উত্তৰ:- পচলা
() একে মাতৃৰ গৰ্ভত জন্ম যাৰ।
    উত্তৰ:- সহোদৰ
 ()  একে ঠাইত স্থায়ীভাৱে   বসবাস নকৰা লোক।                      
         উত্তৰ:- অঘৰী

8. H.S.L.C.-2018
()  যি একেলগে পঢ়ে।                
    উত্তৰ:- সহপাঠী
()  যাক মূল্য দি কিনিব নোৱাৰি।
    উত্তৰ:- অমূল্য

9. H.S.L.C.-2019
() ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি
    উত্তৰ:- প্ৰত্যুৎপন্নমতি
()  ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত
   উত্তৰ:- প্ৰাতস্মৰণীয় 
() নেজ নসৰা বেঙৰ পোৱালি            
  উত্তৰ:- লালুকি

 10H.S.L.C.-2020
()  কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ                
    উত্তৰ:- সঁজাতী 
()  চুহি খাব লগা বস্তু
    উত্তৰ:- চুষ্য 



অসমীয়া ব্যাকৰণৰ HSLC পৰীক্ষাৰ আন প্ৰশ্নোত্তৰসমূহ পঢ়িবলৈ ক্লিক কৰক-



            অসমীয়া ব্যাকৰণ

Comments

Post a Comment