সন্ধি : ব্যঞ্জন সন্ধি |
১)প্ৰথম অংশৰ শেষৰ ব্যঞ্জন বৰ্ণ ‘ৎ’ থাকিলে পাছৰ স্বৰবৰ্ণৰ সংযোগ ঘটোতে ৎৰ ঠাইত ‘দ’ হয়।
জগৎ+ঈশ্বৰ=জগদীশ্বৰ
তৎ+উপৰি=তদুপৰি
সৎ+আশয়=সদাশয়
সৎ+উপদেশ=সদুপদেশ
২)প্ৰথম অংশৰ শেষৰ ব্যঞ্জন বৰ্ণ ‘দ’ হলে পাছৰ অংশৰ প্ৰথম বৰ্ণ চ বা ছ যদি থাকে তেন্তে দৰ ঠাইত চ হয়।
তদ+ছবি=তচ্ছবি
বিপদ+চয়=বিপচ্চয়
৩)প্ৰথম অংশৰ শেষৰ ব্যঞ্জন বৰ্ণ ‘ত’ বা ‘দ’ হলে পাছৰ অংশৰ প্ৰথম বৰ্ণ জ বা ঝ যদি থাকে তেন্তে ত আৰু দৰ ঠাইত জ হয়।
বিপদ+জাল=বিপজ্জাল
সৎ+জল=সজ্জল
৪)পাছৰ শব্দৰ প্ৰথম ‘ঠ’ থাকি আগৰ শব্দৰ শেষৰ বৰ্ণ ত বা দ থাকিলে ত বা দৰ ঠাইত ট হয়।
ভৱৎ+ঠক্কুৰ=ভৱটঠক্কুৰ
৫)আগৰ বৰ্ণ ত বা দ হৈ পাছত ভ বা চ থাকিলে ত বা দ ৰ ঠাইত দ বা ড হয়।
উৎ+ভিদ=উদ্ভিদ
বৃহৎ+ঢক্কা=বৃহডঢক্কা
৬) পাছৰ বৰ্ণ ল থাকি আগৰ বৰ্ণ ত বা দ থাকিলে ত বা দৰ ঠাইত ল হয়।
উৎ+লাস=উল্লাস
বিপদ+লক্ষণ=বিপল্লক্ষণ
উৎ+লিখিত=উল্লিখিত
৭) আগৰ বৰ্ণ ত দ থাকি পাছৰ বৰ্ণ হ থাকিলে তৰ ঠাইত দ আৰু দৰ ঠাইত ধ হয়।
উৎ+সাৰ=উদ্ধাৰ
উৎ+হত=উদ্ধত
তৎ+হিত=তদ্ধিত
৮) পাছৰ পদৰ প্ৰথম বৰ্ণটো ‘ন’ থাকিলে আগৰ পদৰ শেষৰ বৰ্ণ ৎ হলে ৎৰ ঠাইত ন বহে আৰু সন্ধিযুক্ত বৰ্ণ দুটা ন হয়।
উৎ+নাসিক=উন্নাসিক
উৎ+নয়ন=উন্নয়ন
জগৎ+নিবাস=জগন্নিবাস
৯)’ষ’ৰ পাছত ত থাকিলে ত ৰ ঠাইত ট হয় আৰু থ থাকিলে ঠ হয়।
ষষ+থষ=ষ্ঠ
হৃ+ষত=হৃষ্ট
১০) চ বা জৰ পাছত ন থাকিলে ন’’ৰ ঠাইত ঞ হয়।
ৰাজ+নী=ৰাজ্ঞী
যাচ+না=যাচ্ঞা
১১) কোনো বৰ্গীয় বৰ্ণত প্ৰথমবৰ্ণৰ পাছত ন বা ম থাকিলে প্ৰথম বৰ্গীয় বৰ্ণৰ ঠাইত পঞ্চম বৰ্গীয় বৰ্ণ হব।
বাক্+ময়=বাঙ্ময়
জগত+মাতা=জগন্মাতা
১২)প্ৰথম অংশৰ শেষৰ বৰ্ণ বৰ্গীয় প্ৰথম বৰ্ণ হৈ পাছৰ অংশৰ প্ৰথম বৰ্ণ স্বৰবৰ্ণ বা বৰ্গীয় তৃতীয়, চতুৰ্থ অথবা য,ৰ,ল,ৱ,হ থাকিলে প্ৰথম বৰ্ণৰ ঠাইত তৃতীয় বৰ্ণ হয়।
দিক্+গজ=দিগগজ
বাক+ঈশ=বাগীশ
জগত+ঈশ=জগদীশ
সৎ+আশয়=সদাশয়
দিক+অন্ত=দিগন্ত
ষট্+আনন=ষড়ানন
১৩)প্ৰথম শব্দৰ অন্ত্য বৰ্ণ ম থাকি পাছৰ শব্দৰ প্ৰথম বৰ্ণ উষ্মবৰ্ণ বা অন্তস্থবৰ্ণ থাকিলে ‘ম’ৰ ঠাইত ং হয়।
সম্+হাৰ=সংহাৰ
সম্+বাদ=সংবাদ
সম্+যত=সংযত
১৪) প্ৰথম পদৰ শেষৰ বৰ্ণ ‘ম’ৰ পাছত যি বৰ্গৰ বৰ্ণ থাকে সেই বৰ্গৰ পঞ্চম বৰ্ণ হয়।
সম্+গীত=সংগীত
সম্+ঘাট=সংঘাট
শম্+কৰ=শঙ্কৰ
১৫) উৎ উপসৰ্গৰ লগত স্থা ধাতু সংযোগ ঘটিলে ‘স’ লুপ্ত হয়।
উৎ+স্থাপন=উত্থাপন
উৎ+স্থাপক=উত্থাপক
উৎ+স্থিত=উত্থিত
১৬) স্বৰবৰ্ণৰ পাছত ছ থাকিলে চ্ছ হয়।
আ+ছন্ন=আচ্ছন্ন
বি+ছেদ=বিচ্ছেদ
বি+ছিন্ন=বিচ্ছন্ন
১৭) দিব্ শব্দ ব্যঞ্জন চিন যুক্ত হলে ‘দিব্’ৰ পৰিৱৰ্তে ’দ্যু’ হয়।
দিব্+লোক=দ্যুলোক
বিসৰ্গ বৰ্ণ ব্যঞ্জনবৰ্ণ। কিছুমান শব্দৰ পূৰ্বপদৰ শেষৰ বৰ্ণটো বিসৰ্গ(ঃ) থাকে। বিসৰ্গযুক্ত সন্ধি ব্যঞ্জনসন্ধি। সেইবাবে বিসৰ্গযুক্ত ব্যঞ্জনসন্ধিক বিসৰ্গ সন্ধি বুলিও কোৱা হয়।
১) পূৰ্বপদৰ শেষৰ বৰ্ণ বিসৰ্গ যুক্ত হৈ পাছৰ প্ৰথম বৰ্ণ চ বা ছ হলে বিসৰ্গৰ ঠাইত শ হয়।
নিঃ+চয়=নিশ্চয়
নিঃ+চিন্তা=নিশ্চিন্তা
নিঃ+চিত=নিশ্চিত
২) পূৰ্বপদৰ শেষৰ বৰ্ণ বিসৰ্গ যুক্ত হৈ পাছৰ প্ৰথম বৰ্ণ ট বা ঠ হলে বিসৰ্গৰ ঠাইত ষ হয়।
ধনুঃ+টংকাৰ=ধনুষ্টংকাৰ
নিঃ+ঠুৰ=নিষ্ঠুৰ
৩) দ্বিতীয় পদৰ প্ৰথম বৰ্ণ ক,খ,ত,প আৰু ফ থাকিলে প্ৰথম পদৰ বিসৰ্গ বৰ্ণ স আৰু কেতিয়াবা ষ লৈ পৰিৱৰ্তন হয়।
নমঃ+কাৰ=নমস্কাৰ
তিৰঃ+কাৰ=তিৰস্কাৰ
নিঃ+খল=নিস্খল
নিঃ+কাম=নিস্কাম
৪)অ,আ ভিন্ন স্বৰবৰ্ণৰ পাছত যদি বিসৰ্গ থাকি দ্বিতীয় পদৰ প্ৰথম বৰ্ণ বৰ্গীয়বৰ্ণৰ তৃতীয়, চতুৰ্থ, পঞ্চম বৰ্ণ বা য, ৰ, ল, ৱ, হ থাকে তেতিয়া বিসৰ্গৰ ঠাইত ৰ-কাৰ হয়।
দুঃ+অৱস্থা=দুৰৱস্থা
দুঃ+ঘোৰ=দুৰ্ঘোৰ
নিঃ+আকাৰ=নিৰাকাৰ
নিঃ+গত=নিৰ্গত
আশীঃ+বাদ=আশীৰ্বাদ
অন্তঃ+আত্মা=অন্তৰাত্মা
বহিঃ+আগত=বহিৰাগত
পুনঃ+অপি=পুনৰপি
৫) উপসৰ্গযুক্ত বিসৰ্গৰ সৈতে সন্ধি হলে বিসৰ্গ ষ, স, ৰ লৈ পৰিৱৰ্তন হয়।
দুঃ+নীতি=দুৰ্নীতি
দুঃ+কৰ=দুষ্কৰ
নিঃ+নয়=নিৰ্ণয়
৬) বিসৰ্গৰ পাছত শ আৰু স থাকিলে সন্ধি নহয়।
নিঃ+সন্দেহ=নিঃসন্দেহ
দুঃ+সহ=দুঃসহ
Comments
Post a Comment