সন্ধি |
সন্ধি
শব্দটো সংস্কৃত ভাষাৰ শব্দ। সন্ধি শব্দৰ অৰ্থ জোৰা। দুটা শব্দ জোৰা লাগি বা লগ হৈ
এক বিশেষ নিয়মৰ হোৱা প্ৰক্ৰিয়াৰ নাম সন্ধি। সন্ধি হওঁতে প্ৰথম শব্দৰ শেষৰ বৰ্ণৰ লগত দ্বিতীয় শব্দৰ আদি বৰ্ণৰ
সংযোগ ঘটে।
সন্ধি দুবিধ-
১)স্বৰ সন্ধি -স্বৰবৰ্ণ+স্বৰবৰ্ণ
২)ব্যঞ্জন সন্ধি - স্বৰবৰ্ণ+ব্যঞ্জনবৰ্ণ
- ব্যঞ্জনবৰ্ণ+স্বৰবৰ্ণ
- ব্যঞ্জনবৰ্ণ+ব্যঞ্জনবৰ্ণ
স্বৰ সন্ধি- স্বৰবৰ্ণৰ লগত স্বৰবৰ্ণৰ সংযোগ ঘটি যি সন্ধি হয় তাকে স্বৰসন্ধি বোলে।
পৰীক্ষা :পৰি+ঈক্ষা
নাৱিক:নৌ+ইক
যথাৰ্থ :যথা+অৰ্থ
ব্যঞ্জন সন্ধি- ব্যঞ্জনবৰ্ণৰ লগত স্বৰবৰ্ণ, স্বৰবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণ, ব্যঞ্জনবৰ্ণৰ লগত ব্যঞ্জনবৰ্ণৰ সংযোগ ঘটি যি সন্ধি হয় তাকে ব্যঞ্জন সন্ধি বোলে।
হোমাগ্নি :হোম+অগ্নি
উচ্ছল :উৎ+ছল
চন্দ্ৰোদয় :চন্দ্ৰ+উদয়
সন্ধিভাঙা বা পাতা
সঞ্চয়=সম্+চয়
সংগ্ৰহ =সম্+গ্ৰহ
তদুপৰি =তৎ+উপৰি
জগদীশ্বৰ =জগত+ঈশ্বৰ
সংলাপ =সম্+লাপ
সৰ্বেশ্বৰ =সৰ্ব+ঈশ্বৰ
মহাৰ্ঘ =মহা+অৰ্ঘ
প্ৰত্যুপকাৰ =প্ৰতি+উপকাৰ
কৃদন্ত =কৃৎ+অন্ত
এনে আন আন উদাহৰণ পাবলৈ ক্লিক কৰা ।
Sandhi
ReplyDelete